মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

আবকাৰী আয়ুক্তৰ অধীনৰ সংস্থাসমূহ

ৰাজ্যিক মাদক দ্ৰৱ্য বিৰোধী আৰু নিবাৰণী পৰিষদ(SADPC)

জনসাধাৰণৰ মাজত, বিশেষকৈ যুৱচামৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদ, অসমে পৰিগ্ৰহণ কৰা কাৰ্যসূচীসমূহ।

            চৰকাৰৰ নিবাৰণী আঁচনিসমূহ ৰূপায়ণৰ উদ্দেশ্যে তিনিখন বিভিন্ন নিবাৰণী আইনৰ অধীনত ১৯৭৪ চনৰ জুলাই মাহত ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদ, অসম গঠন কৰা হৈছিল। জন্মলগ্নৰে পৰাই পৰিষদখনে, মদ আৰু নিচাজাতীয় সামগ্ৰীৰ ক্ষতিকাৰক প্ৰভাৱৰ বিৰুদ্ধে জনমত গঢ়ি তোলা আৰু সজাগতা সৃষ্টিৰ বাবে যত্পৰোনাস্তি চেষ্টা কৰি আহিছে।

            দায়িত্বসমূহেৰে অৰ্পিত হৈ, পৰিষদে প্ৰত্যেকটো উপ-বিভাগতে মদ আৰু মাদক দ্ৰৱ্য নিবাৰণৰ বাবে জনসজাগতা সৃষ্টি কৰিবলৈ প্ৰচাৰ কাৰ্যকে ধৰি সফল নিবাৰণীমূলক কাৰ্যসূচীসমূহৰ বাবে ২০ (মাণ্ডলিক নিবাৰণী সংগঠক) আৰু ১৪ (অবৈতনিক নিবাৰণী সংগঠক)গৰাকী অনা-কৰ্মকৰ্তাৰে নিবাৰণী সমিতিৰ জাল এখন স্থাপন কৰিছে। মদৰ মুখ্য কাৰ্যালয়ত আবকাৰী অধীক্ষক আৰু উপ-বিভাগীয় মুখ্য কাৰ্যালয়ত আবকাৰী উপ-অধীক্ষকে পদাধিকাৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

            নিবাৰণীমূলক কাৰ্যকলাপসমূহৰ ভেঁটিটো অধিক ব্যাপক কৰা আৰু সফল প্ৰচাৰ কাৰ্যৰ বাবে, নিবাৰণী সংগঠকসকলে, মহকুমা নিবাৰণী কমিটীৰ সৈতে আলোচনা মৰ্মে ছাত্ৰ-ছাত্ৰীসকল আৰু যুৱ সম্প্ৰদায়, মহিলা সংগঠনসমূহ, চাহ শ্ৰমিকৰ সংগঠনসমূহ, পঞ্চায়তসমূহ, বেচৰকাৰী সংস্থাসমূহ ইত্যাদিৰ জড়িতকৰণেৰে অনুষ্ঠান পৰিগ্ৰহণ কৰিছে।

            মদ আৰু মাদক দ্ৰৱ্যৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণক অৱগত কৰাৰ লগতে তেওঁলোকৰ মাজত বিশেষকৈ ছাত্ৰ-ছাত্ৰী, যুৱ চাম আৰু গৃহিণীসকলৰ মাজত সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰি উন্নত মানদণ্ডৰ জীৱন-ধাৰণৰ বাবে তেওঁলোকক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে পৰিষদে বিভিন্ন ভাষাত বিভিন্ন পুস্তিকা, প্ৰচাৰপত্ৰ, ক্ষুদ্ৰ পুস্তিকা, প্ৰাচীৰ পত্ৰ আদি প্ৰকাশ কৰাৰ লগতে বিতৰণ কৰি আহিছে। ইয়াৰ উপৰিও পৰিষদে মদ আৰু মাদক দ্ৰৱ্যৰ অপব্যৱহাৰ নিবাৰণী ৰু নিচামুক্তি অনুষ্ঠান সম্পৰ্কে বিভিন্ন ধৰণৰ প্ৰচাৰপত্ৰ, পুস্তিকা, প্ৰাচীৰ পত্ৰ, কেলেণ্ডাৰ আদি বিতৰণ কৰি আহিছে। মদ আৰু মাদক দ্ৰৱ্যৰ অপব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিৰুদ্ধে জনমত গঢ়ি তুলিবলৈ জনসভা, আলোচনাচক্ৰ, দলগত আলোচনা, নিবাৰণীৰ বেনাৰ আৰু শ্লোগানেৰে সমদল, নিবাৰণী বিষয়ৰ ওপৰত ৰচনা, গল্প আৰু কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। পৰিষদৰ চিনেমা গোটৰ দ্বাৰা বিভিন্ন ঠাইত বিশেষকৈ গ্ৰামীণ আৰু চাহ বাগিচাৰ এলেকাসমূহত শিক্ষামূলক চিনেমাৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। মদ আৰু মাদক দ্ৰৱ্যৰ অপব্যৱহাৰৰ কু-প্ৰভাৱ ব্যাখ্যা কৰি কিছুমান গুৰুত্বপূৰ্ণ অঞ্চলত হ’ৰ্ডি বোৰ্ড স্থাপন কৰা হৈছে।

মদ আৰু মাদৰ দ্ৰৱ্যৰ নিবাৰণী সম্পৰ্কে সজাগতা সৃষ্টি আৰু জনমত গঠন কৰাৰ উদ্দেশ্যে বাতৰি কাকত, আগশাৰীৰ কাকত আলোচনী ইত্যাদিসমূহত বিজ্ঞাপন প্ৰকাশিত হয়।

“পূবেৰুণ” নামৰ এখন ত্ৰিমাসিক আলোচনী (আগতে এইখন জনকল্যাণ আছিল) তেতিয়াৰে পৰা প্ৰকাশিত হৈ আহিছে। ইয়াত ইংৰাজী, অসমীয়া, বঙালী, বড়ো আৰু চাহ বাগিচাৰ কৰ্মীসকলৰ ভাষাত ৰচিত প্ৰৱন্ধ প্ৰকাশিত হয়।

মদ আৰু মাদক দ্ৰৱ্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে জনসভা, আলোচনা চক্ৰ, সমদল, চিনেমা প্ৰদৰ্শনী আদি অনুষ্ঠিতকৰণৰ জৰিয়তে ৰাজ্যজুৰি ৩০ জানুৱাৰীৰ দিনা জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি পৰিষদে নিবাৰণী দিৱস উদযাপন কৰি আহিছে।

পৰিষদে, ভাৰত চৰকাৰৰ বিত্তীয় সহযোগিতাৰে মদৰ প্ৰতি আসক্তি আৰু বস্তু (মাদক দ্ৰৱ্য)ৰ অপব্যৱহাৰ প্ৰতিৰোধ আঁচনিৰ অধীনত ২০০০ চনৰ জুন মাহৰ পৰা এটা যোৰহাট আৰু আনটো শিলচৰত, দুটা নিচামুক্তি তথা পুনৰ্বাসন কেন্দ্ৰ চলাই আহিছে। বিগত বছৰকেইটাত ইয়াৰ প্ৰতিক্ৰিয়া সন্তোষজনক আছিল।