মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

পৰ্য্যবেক্ষণ আৰু দায়িত্ব বহনৰ প্ৰণালীকে ধৰি সিদ্ধান্ত গ্ৰহণৰ বাবে অনুসৰণ কৰা হোৱা কাৰ্যপন্থা

  • বিভাগটোৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বিভাগৰ আবকাৰী আয়ুক্তৰ হাতত ন্যস্ত থাকে। প্ৰয়োজন অনুসৰি তেওঁ অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবৰ অনুমোদন লাভ কৰে।

                যিকোনো পত্ৰ এখন প্ৰাপ্তিৰ পাছত, পঞ্জীয়কৰ দ্বাৰা ইয়াক সংশ্লিষ্ট লেন-দেন সহায়কলৈ পঞ্জীয়নবহীত লিপিবদ্ধ কৰাৰ পাছত নথিভুক্ত  কৰিবলৈ চিহ্নিত  কৰা হয়। তাৰ পাছত লেন-দেন সহায়কে অসম আবকাৰী নিয়মাৱলীত উল্লেখ থকা ব্যৱস্থা অনুসৰি সেই সম্পৰ্কীয় নথিত কাগজ-পত্ৰসমূহ আগুৱাই দিয়ে। তাৰ পাছত নথিসমূহ সংশ্লিষ্ট অধীক্ষক, পঞ্জীয়ক, আবকাৰীৰ যুটীয়া সঞ্চালক, আবকাৰীৰ অতিৰিক্ত আয়ুক্তলৈ অগ্ৰগতি লাভ কৰি আহি থাকে, যিসকলে বিষয়টো পৰীক্ষা কৰি তেওঁলোকৰ মন্তব্য সহকাৰে আবকাৰী আয়ুক্তলৈ আগুৱাই দিয়ে। আবকাৰী আয়ুক্তই কিছুমান ক্ষেত্ৰত পোনপটীয়াকৈ অনুমোদন প্ৰদান কৰাৰ বিপৰীতে আন কিছুমান ক্ষেত্ৰত যত আৰু যেতিয়া প্ৰয়োজন হয়, বিভাগৰ সচিবৰ অনুমোদন লয়।

                পঞ্জীয়ককে ধৰি সকলো বিষয়াই কাগজ-পত্ৰসমূহৰ সময় মতে প্ৰ্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰিবলৈ অধস্তন সহযোগীসকলৰ কাম-কাজসমূহৰ তত্বাৱধান লব লাগে আৰু নিজস্ব পৰ্যায়ত কৰ্তব্যত কোনো ধৰণৰ গাফিলতি বা বিলম্বৰ বাবে সকলোৱেই জবাবদিহী হব লাগে।