মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

নাগৰিকসকলৰ জ্ঞাতাৰ্থে বিভাগটোৰ সৈতে সম্পৰ্কিত সাধাৰণ তথ্যসমূহ

  • C. ভাৰতত নিৰ্মিত বিদেশী সুৰা (IMFL) আৰু দেশীয় সুৰাৰ দোকানসমূহ খোলা আৰু বন্ধ কৰাৰ সময়

    • IMFLৰ পাইকাৰী আৰু খুচপৰা বিক্ৰী (OFF)– বছৰজুৰি পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ
    • হোটেল, ৰেষ্টুৰেণ্ট আৰু বাৰসমূহ – পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ
    • দেশীয় সুৰা – পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ
    D. ড্ৰাই দিৱসসমূহ-
    • ২৬ জানুৱাৰী
    • ১৫ আগষ্ট
    • ২ অক্টোবৰ
    • প্ৰতি বছৰে শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোত্সৱ
    • ৰাজ্য চৰকাৰে অধিসূচনা জাৰিৰ দ্বাৰা ড্ৰাই ডে হিচাপে ঘোষণা কৰা যিকোনো দিন।

    E. অবৈধ ৰপ্তানি, উত্পাদনম, অধিকাৰ, বিক্ৰী আদি

    • অবৈধ ৰপ্তানি, উত্পাদন, অধিকাৰ, বিক্ৰী আদি
    • কাৰাবাসৰ সৈতে শাস্তিৰ বিধান আছে যিটো জৰিমনা সহকাৰে ২ বছৰলৈ বৃদ্ধি হব পাৰে

    F. বিধিসন্মত সতৰ্কীকৰণ -

    • প্ৰত্যেকখন লেবেলতে বিধিসন্মত সতৰ্কীকৰণ থাকে। সেয়া হল-
    • কেৱল অসমত বিক্ৰীৰ বাবে
    • ২১ বছৰৰ তলৰ ব্যক্তিক মদ বিক্ৰী কৰা নিষেধ
    • মদ্যপান স্বাস্থ্যৰ পক্ষে হানিকাৰক

    G. অভিযোগৰ প্ৰতিকাৰ –

    •            প্ৰত্যেকখন জিলাতে, জিলাখনৰ উপায়ুক্তৰ সভাপতিত্বৰ অধীনত একোখনকৈ অভিযোগ প্ৰতিকাৰ কমিটী আছে।
    •             সকলো ধৰণৰ অভিযোগৰ বাবে জিলাখনৰ আবকাৰী অধীক্ষক বা উপ-বিভাগৰ আবকাৰী উপ-অধীক্ষকক যোগাযোগ কৰিব পৰা যায়।

    H. তথ্য জনাৰ অধিকাৰ আইনৰ অধীনৰ সুবিধাসমূহ-

    • তথ্য জনাৰ অধিকাৰ আইন,২০০৫ৰ অধীনত, সকলো জিলাই SPIOসকল আৰু ASPIOসকলৰ নামসমূহ অধিসূচিত কৰিছে।
    • তথ্য জনাৰ অধিকাৰ আইন,২০০৫ৰ ৪নং ধাৰাৰ অধীনত সকলো ৰাজহুৱা কৰ্তৃপক্ষই স্বেচ্ছাই পদক্ষেপ লোৱাৰ ঘোষণা প্ৰকাশ কৰিছে।
    • মুখ্য কাৰ্যালয়ত, অসমৰ আবকাৰী উপায়ুক্তই হল অধিসূচিত SPIO ।

     

    সচিবালয় পৰ্যায় –

    • IMFL অনুজ্ঞাপত্ৰ মঞ্জুৰী
    • IMFL অনুজ্ঞাপত্ৰৰ পুনৰনবীকৰণ।
    • বাজেট মঞ্জুৰ
    • অতিৰিক্ত আয়ুক্তসকল/যুটীয়া আয়ুক্তসকল/ উপায়ুক্তসকল/ অধীক্ষকসকল/ উপ-আৰক্ষীসকল/ আবকাৰী পৰিদৰ্শক সকলৰ বিষয়বাব প্ৰদান আৰু বদলীকৰণ।
    • ৰাজপত্ৰিত বিষয়াসকলৰ আৰ্জিত ছুটীৰ মঞ্জুৰী
    • আবকাৰী আইন আৰু নিয়মসমূহৰ সংশোধনীৰ গাঁথনি
    • পদবীসমূহৰ ধাৰণ আৰু মঞ্জুৰকৰণ।
    • পেন্সন সম্পৰ্কীয় বিষয়সমূহ।
    • ইতিমধ্যে থকা আবকাৰী আইন আৰু নিয়ম অনুসৰি এটা সময়ৰ ভিতৰত সকলো দিশৰ পৰা শুদ্ধ সকলো আবেদন/প্ৰস্তাৱৰ মীমাংসা হব লাগিব।