মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

কাৰ্য্যকলাপ আৰু লক্ষ্য

            অসম চৰকাৰৰ আবকাৰী বিভাগে ৰাজ্যখনৰ আবকাৰী নীতিসমূহ ৰূপায়ণ কৰে, ৰাজ্যৰ ভিতৰত ৰাগীয়াল পানীয় তথা অন্যান্য মাদক দ্ৰৱ্যসমূহৰ যোগান আৰু আমদানি নিয়ন্ত্ৰণ কৰে। আবকাৰী বিভাগে ৰাগীয়াল পানীয়, মাদক দ্ৰৱ্য আৰু নিচাযুক্ত বস্তু (ঔষধী উপলক্ষৰ বাবে)ৰ উথ্পাদন, আমদানি আৰু যোগান নিয়ন্ত্ৰণ কৰে। বিভাগটোৱে অসমত IMFL, বীয়েৰ তথা অন্যান্য সুৰাৰ পৰিশোধন আৰু বটলত মজুতকৰণৰ বাবে আৰু মানুহৰ সেৱনৰ বাবে IMFL, বীয়েৰ তথা অন্যান্য সুৰাৰ মজুতকৰণ আৰু বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। ইয়াৰ উপৰিও বিভাগটোৱে IMFL আৰু বীয়েৰৰ পাইকাৰী তথা খুচুৰা ব্যৱসায়ৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। তাৰোপৰি, হোটেল, গেষ্টুৰেণ্ট আৰু ক্লাৱৰ দৰে স্থানৰ চৌহদতেই ৰাগীয়াল পানীয় সেৱনৰ অনুজ্ঞাপত্ৰও এই বিভাগটোৰ দ্বাৰা প্ৰদান কৰা হয়।

বিভাগৰ মুখ্য কাৰ্যাৱলীসমূহৰ ভিতৰত তলত দিয়াসমূহ অন্তৰ্ভুক্ত-

            (১) অসম আবকাৰী আইন,২০০০ আৰু অসম আবকাৰী নীতিসমূহ,২০১৬ৰ প্ৰশাসন।

            (২) আবকাৰী কাৰ্যপন্থাৰ বিষয়সমূহৰ প্ৰস্তুতি, বলবত্কৰণ আৰু পৰ্যবেক্ষণ।

            (৩) বকেয়াকে ধৰি ৰাগীয়াল পানীয়ৰ আবকাৰী খাজনাসমূহ সংগ্ৰহ।

            (৪) সুৰা আৰু ৰাগীয়াল পানীয় উত্পাদন, ব্ৰীবেৰীসমূহক বীয়েৰ উত্পাদন আৰু অন্যান্য সুৰাভিত্তিক উতপাদনসমূহৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান।

            (৫) ৱাইন, বীয়েৰ আৰু IMFL (ভাৰতত নিৰ্মিত বিদেশী মদ) সমূহৰ বটলত মজুতকৰণৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান।

            (৬) ৰাগীয়াল পানীয়, ৱাইন, বীয়েৰ আৰু অন্যান্য মাদক দ্ৰৱ্যসমূহৰ পাইকাৰী আৰু খুচুৰা অনুজ্ঞাপত্ৰসমূহৰ পুনৰনবীকৰণ।

            (৭) ওপৰত উল্লেখিত অনুজ্ঞাপত্ৰসমূহৰ পুনৰনবীকৰণ।

            (৮) অনুজ্ঞাপত্সমূহৰ অনুমোদন, বৈকল্পিক অনুজ্ঞাপত্ৰৰ সংস্কাৰ অনুজ্ঞাপত্ৰৰ বাতিলকৰণ/নিলম্বন/সমৰ্পন।

            (৯) বিভিন্ন কোম্পানীসমূহৰ দ্বাৰা নিৰ্দিষ্ট ব্যৱসায়িক ছাপপঞ্জীয়ন কৰাৰ বাবে সুবিধা প্ৰদান কৰা, লেবেলৰ অনুমোদন।

            (১০) কৰ আৰোপ কৰিবলগীয়া সামগ্ৰীসমূহৰ সৰ্বাধিক বিক্ৰী মূল্য নিৰূপণ।

            (১১) নমুনাসমূহৰ পৰীক্ষণ।

            (১২) আজ্ঞপত্ৰ আৰু ‘পাছ’ৰ সঠিক জাৰিকৰণৰ জৰিয়তে অসমত আৰু অসমৰ মাজেৰে IMFLৰ পৰিবহন নিয়ন্ত্ৰণ কৰা।

            (১৩) আবকাৰী বিভাগৰ দ্বাৰা প্ৰতিপালিত বিভিন্ন আইনৰ অধীনত অপৰাধসমূহ সম্পৰ্কে সংবাদ সংগ্ৰহ কৰা।

            (১৪) সংকল্পিত ৰেইড পৰিচালনা কৰা, ঘটনাসমূহ উদ্ভাৱন কৰা আৰু অভিযোগৰ ভিত্তিত অবিলম্বে কাৰ্য সম্পাদন কৰা।

            (১৫) পঞ্জীয়নভুক্ত ঘটনাসমূহত খৰতকীয়া কাৰ্যপন্থা হাতত লোৱা।

            (১৬) আবকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা আৰু বিভাগটোৰ প্ৰতিৰোধী সংগঠনসমূহ সবলতৰ কৰা।

            (১৭) ৰাজ্যিক মাদক দ্ৰৱ্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ জৰিয়তে মাদক দ্ৰৱ্যৰ অপব্যৱহাৰ আৰু মদৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে অভিযান পৰিচালনা কৰা।

            অসমৰ আবকাৰী বিভাগে এটা সুৰা পৰিশোধন কেন্দ্ৰ, ৮৪টা চুক্তিবদ্ধ পণ্যাগাৰ, ১৮টা বটলত মজুতকৰণ গোট, IMFLৰ বিক্ৰীৰ বাবে প্ৰায় ২১০০ খুচুৰা বিক্ৰেতা আৰু দেশীয় সুৰাৰ ১৭৮টা ক্ৰিয়ামূলক বিক্ৰী প্ৰতিষ্ঠান নিয়ন্ত্ৰণ কৰে। বিভাগটোৰ ৰাজহ প্ৰায় ৬৬৫ কোটি টকা। অসম হল অন্যান্য উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৰাগীয়াল পানীয় সৰবৰাহ কৰাৰ একমাত্ৰ পৰিবহন পথ।

সংস্থাটোৰ কাৰ্য্যাৱলী আৰু কৰ্তব্যসমূহ-

            (ক) সংস্থাটোৰ নাম –

            আবকাৰী আয়ুক্তৰ কাৰ্যালয়, অসম

            হাউছফেড কমপ্লেক্স, দিশপুৰ, গুৱাহাটী-০৬

            (খ) বিভাগটোৰ কাৰ্য্যাৱলী/কৰ্তব্যসমূহ –

  • অসম ৰাজ্যৰ বাবে আবকাৰী নীতি নিৰ্দ্ধাৰণ
  • অধস্তন বিষয়াৰ জৰিয়তে আবকাৰী নীতিৰ ৰূপায়ণ
  • আবকাৰী বিভাগৰ প্ৰশাসন চালন।

(ক) মুখ্য বিভাগীয় কাৰ্যসমূহ –

  • অনুজ্ঞাপত্ৰ প্ৰদান (সকলো নিৰ্দেশিত ধৰণৰ)।
  • অৱস্থান নিৰ্ণয়কে ধৰি আজ্ঞাপত্ৰ/পাছ জাৰিকৰণ শৃংখল।
  • যোগান শৃংখল তালিকাকৰণ ব্যৱস্থাপনা।
  • ৰাজহ ব্যৱস্থাপনা
  • প্ৰতিৰোধী বলৰ ঘটনা পঞ্জীয়ন আৰু প্ৰক্ৰিয়াকৰণৰ সমাপ্তি।
  • বিপৰীত সমন্বয় সাধনেৰে পৰিশোধন প্ৰতিষ্ঠান আৰু চুক্তিবদ্ধ পণ্যাগাৰসমূহৰ মজুত পৰ্যবেক্ষণ।
  • কেঁচা মালৰ সমন্বয় সাধন আৰু ব্ৰীৱেৰি উত্পাদনৰ পৰিশোধন প্ৰতিষ্ঠান।
  • ৰাগীয়াল পানীয় জব্দ আৰু নিলাম
  • বৈধ ব্যৱস্থাপনা
  • বাজেট আৰু হিচাপ নিকাচ
  • আবকাৰী বিভাগৰ মানৱ সম্পদৰ সৈতে সম্পৰ্কিত বিষয়সমূহ
  • অডিট পাৰা পৰ্যবেক্ষণ গুণাংক।