মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী আবকাৰী আয়ুক্তালয়

দেশী মদ

১৬২. নিবিদাৰ আহ্বান – এচোৱা নিৰ্দিষ্ট সময়ৰ বাবে এক নিৰ্দিষ্ট অঞ্চলৰ এটা ভাঁটিৰ পৰা অনুজ্ঞাপত্ৰ বিক্ৰেতালৈ দেশী মদ যোগানৰ সুবিধাৰ বাবে চুক্তিৰ নিবিদা আবকাৰী আয়ুক্তৰ দ্বাৰা, যি তাৰিখৰ পৰা চুক্তিখন ৰূপায়ণ হব, তাৰ ৬ মাহ আগত আহ্বান কৰা হব।

#৬৫

            ব্যৱস্থা আছে যে, যদি পৰিস্থিতিয়ে দাবী কৰে, ৰাজ্য চৰকাৰে, ওপৰত উল্লেখ কৰা ৬ মাহতকৈ কম সময়ৰ ভিতৰত আবকাৰী আয়ুক্তই আহ্বান জনোৱা নিবিদা নিৰ্দেশ কৰিব পাৰে।

১৬৩. অনুজ্ঞাপত্ৰৰ বাবে আবেদন – নিৰ্দেশনা ১৬২ত উল্লেখিত অনুসৰি অনুজ্ঞাপত্ৰৰ বাবে নিবিদা কৰা যিকোনো ব্যক্তিয়ে লিখিতভাৱে তলত দিয়া সবিশেষসমূহ গাঁঠি দি আবকাৰী আয়ুক্তক আবেদন জনাব লাগিব।

(১) ব্যক্তি বা ব্যক্তিসকলৰ নাম বা নামসমূহ যদি এখন ফাৰ্ম হয়, তেন্তে ফাৰ্মখনৰ প্ৰত্যেকজন অংশীদাৰৰে নাম, যদি কোম্পানী হয়, তেন্তে পঞ্জীয়নভুক্ত নাম আৰু সময়ে সময়ে চৰকাৰৰ নিৰ্দেশনা অনুসৰি মাচুল আদায়ৰ বিনিময়ত আবকাৰী আয়ুক্তৰ ওচৰত পুনৰ পঞ্জীয়ন। নিবিদাকাৰীয়ে নিজকে আবকাৰী আয়ুক্তৰ ওচৰত পঞ্জীয়নভুক্ত কৰি লব লাগিব। নিবিদা পত্ৰত তাৰিখৰে সৈতে পঞ্জীয়নৰ নম্বৰ উল্লেখ থাকিব লাগিব।

(২) আবেদনকাৰীয়ে (যদিহে তেওঁ ইতিমধ্যে থকা ঠিকাদাৰগৰাকীৰ বাহিৰে অইন কোনোবা হয়) তেওঁৰ নিবিদা পত্ৰত উল্লেখ কৰিব লাগিব যে এই নিয়মসমূহৰ ১৭৩নং নিয়মৰ ব্যৱস্থাৰ অধীনত, যোগান ধৰিবলগীয়া অঞ্চলৰ ভিতৰত পণ্যাগাৰসমূহত ইতিমধ্যে থকা মূল্য বৰ্দ্ধিত কৰ আৰু অন্যান্য স্থায়ী যন্ত্ৰপাতিসমূহ গ্ৰহণ কৰিব আৰু তেখেতৰ আবেদনপত্ৰৰ লগত এইসমূহৰ এখন তালিকা গাঁঠি দিব।

(৩) প্ৰত্যেকজন নিবিদা কৰ্তাই আবকাৰী আয়ুক্তৰ দ্বাৰা নিৰ্দ্ধাৰিত মাচুল আবকাৰী আয়ুক্তৰ নামত এখন বেংক ড্ৰাফ্টৰ জৰিয়তে অভিনিৱিষ্ট ধন হিচাপে জমা থাকিব। বেংক ড্ৰাফ্টখনৰ সৈতে নিবিদাখন সন্নিৱিষ্ট হৈ থাকিব লাগিব, অন্যথা কোনো নিবিদা বিবেচিত নহব। অসফল নিবিদাকাৰীসকলক তেওঁলোকৰ ধন প্ৰত্যৰ্পণ কৰা হব। সফল নিবিদাকাৰীসকলৰ অভিনিৱিষ্ট ধন, আমানতৰ ধনলৈ পৰিৱৰ্ত্তিত হব পাৰে।

১৬৪. যিকোনো ব্যক্তিকে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ ৰাজ্য চৰকাৰৰ অধিকাৰ – আবকাৰী আয়ুক্তই তেওঁৰ পৰামৰ্শ সন্নিৱিষ্ট কৰি মূল্যবেদনসমূহ ৰাজ্য চৰকাৰলৈ আগুৱাই পঠিয়াব, যিয়ে যিকোনো মূল্যবেদন গ্ৰহণ কৰাৰ অধিকাৰ নিজৰ বাবে সংৰক্ষিত কৰি ৰাখিছে। যদিহে ৰাজ্য চৰকাৰৰ দ্বাৰা সেইসমূহৰ এখনো বিবেচনাৰ অন্তত, সন্তোষজনক পৰিলক্ষিত নোহোৱাৰ ভিত্তিত এখনো মূল্যবেদন গৃহীত নহয়, তেন্তে মূল্যবেদন নকৰা যিকোনো ব্যক্তিকে অনুজ্ঞাপত্ৰ প্ৰদান কৰা আৰু সকলো ক্ষেত্ৰতে উপযুক্ত হিচাপে বিবেচনা কৰাৰ অধিকাৰো তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছে। চুক্তিৰ কোনো চৰ্তাৱলী যদিহে লংঘন কৰা হয়, তেন্তে ঠকাদাৰগৰাকীক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ যিকোনো মুহূৰ্তত চুক্তিখন নাকচ কৰাৰ অধিকাৰো অসম চৰকাৰৰ আছে। চুক্তিখন চলিত অৱস্থাত, পৰিশোধিত মানদণ্ড-১ৰ মদৰ যোগান ধৰাত অসফল হলে আৰু ভঁৰলাসমূহলৈ নিকৃষ্ট মানৰ যোগান ধৰিলেও চুক্তিখন নাকচ হব পাৰে আৰু সেই ক্ষেত্ৰত চৰকাৰৰ দ্বাৰা ভূগিবলগীয়া হোৱা যিকোনো ক্ষতি, চৰকাৰৰ দ্বাৰা সম্ভাৱ্য নিৰ্দ্ধাৰিত অনুসৰি ঠিকাদাৰজনৰ দ্বাৰা পূৰণ কৰা হব।

#৬৬

            ব্যৱস্থা আছে যে অনুজ্ঞাপত্ৰখনৰ চলিত অৱস্থাত যেতিয়া এখন অনুজ্ঞাপত্ৰ নাকচ হয় বা নিলম্বিত হয়, মূল্যবেদন আহ্বান অবিহনে যিকোনো ব্যক্তিক অনুজ্ঞাপত্ৰখন প্ৰদান কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰে সংৰক্ষণ কৰি আহিছে।

১৬৫. অনুজ্ঞাপত্ৰৰ কাল – এজন ঠিকাদাৰক প্ৰদান কৰা অনুজ্ঞাপত্ৰ, নিৰ্দেশিত ৰূপত/প্ৰপত্ৰত থাকিব, সাধাৰণতে ৩ বছৰ কালৰ বাবে বাহাল থাকিব, কিন্তু ব্যতিক্ৰম ক্ষেত্ৰত অলপ দীঘলীয়া সময়ৰ বাবে, কিন্তু ৫ বছৰৰ অধিক কালৰ বাবে নহয়, বা অলপ হ্ৰস্ব সময়ৰ বাবে ধাৰ্য কৰা হব পাৰে। চুক্তিৰ সময় উকলি গলে, ৰাজ্য চৰকাৰে যদিহে প্ৰয়োজনীয় বিবেচনা কৰে, তেন্তে ৰাজ্য চৰকাৰে তেনে ধৰণৰ পৰিস্থিতিত এবাৰত ৩ মাহতকৈ অধিক কালৰ বাবে নহয়, অনুজ্ঞাপত্ৰৰ সময় বৃদ্ধি কৰিব পাৰে।